Hunyo Lyrics Kul Deep (Xunyo)

Kool-D Xunyo Lyrics

Kool-D (kul deep) is back again with another rap Xunyo. The lyrics of Xunyo (hunyo) is available now.

Kool-D or Kul Deep is rapper from Assam. He gained popularity by songs like Horu manuh. Now he is back again with another rap Xunyo (Hunyo). Read all the lyrics here.

Additional Info :

Rap vocal & Lyrics - Kool-D

Music production & Mix / mastering - Zupiter

Additional supporting vocal - Notxofar

Stream Xunyo :

SPOTIFY : https://spoti.fi/3aQzuok APPLE MUSIC : https://apple.co/3sxjCxjHunyo lyrics Kul deep


xunyo lyrics by Kool D lyrics -

মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই  মই আজি আৰু নাই মোৰ ছাঁয়া ।

I really don't wanna chase anything cause ,  দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। 

মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।

কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।


চিনাকি বহুত চিনাকি অযুত ,

সহায়ৰ হাত লাগে যদি চিনাকি মজুত ।

পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে ,

হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।।


অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ ।

যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই ।

বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি ।

নিজৰে মাজতে মগন , আজি মোক নালাগে কাৰোৰে বাতৰি ।।


নিজেই নিজৰ শত্ৰু মই সঁচা মহাপাগল ।

বৰ্ষাৰ নহয় পানী , এইয়া চকুৰে অহা জাগল ।

টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ ,

মই ডুবিযাব খোজোঁ আজি লাগিছে বৰ ভাগৰ । 


মই কব খোজোঁ বহুকথা বুকু ফালি ।

পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত ।

তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত ।

বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।। ×2


ধূলিকণা মইও মোৰো নো কি চিন-চাব,

ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত ।

আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ ,

আকাশত চুই হ'ব খোজোঁ বিলীন তাত ।। ×2


নাম , যশ , অভিলাষ আৰু ফেনেকা ধন ।

আৱেগত আছোঁ উটি আজি সেমেকা মন ।।

মানুহলৈ লাগে ভয় কিয় নাজানোঁ মই ,

লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন।।

জীৱন যুদ্ধত চিপাহী মই নাম কটা ,

জ্বলিছে জুই মনত অলপো নাই সামকতা ।

নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক ,

ক'ত যাম আজি ক'ত বাৰু পাম সকাহ ।।


মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই  মই আজি আৰু নাই মোৰ ছাঁয়া ।

I really don't wanna chase anything cause ,  দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। 


দুদিনৰ ঢৌ নালাগে মোৰ বাৰ্তা হওঁক আজীৱন ।

মনে যদি কান্দে তাতে কবিতাবোৰ সাজিলম ।।

বিচৰাবোৰ পালোঁ পিছে উকা চোন আজি মন ।

কব যি মনে আজি তাকেই মই মানি লম ।।


মই হালি পৰা গছ আজি শুকান মোৰ গছপাত ।

সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ ।।

আহিলা বেছি জীৱন পেলনীয়া বস্তাত ।

মই থমকি লৈ দেখোঁ নিজক মৰহি অৱস্থাত ।।


যুদ্ধখন নিজৰ লগত আক্ষেপ নাই  কাৰো প্ৰতি ।

নিজকে মই সাৱটি লম কষ্ট হয় আৰু যদি ।।

বিষাদ এটা কলা,  মই নিজে চাগে তাৰো প্ৰতীক ।

আগবাঢ়ক সকলো মই হেঙাৰ নহওঁ কাৰো গতিত ।।×2


মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই  মই আজি আৰু নাই মোৰ ছাঁয়া ।

I really don't wanna chase anything cause ,  দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।। 

মই চাব খোজোঁ এনে এক ঠাই য'ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।

কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।

Thanks for reading Hunyo Lyrics

Also read : Horu Manuh

Watch Xunyo here : 


Post a Comment

0 Comments